Assam Government Jobs, Exam Updates & Preparation Resources Assam Current Affairs
Recruitment Assam Find opportunities. Prepare with confidence. Explore Jobs

First Assamese Women | অসমৰ অগ্ৰণী মহিলাসকল | প্ৰথম অসমীয়া মহিলা

সাহিত্য আৰু শৈক্ষিক ক্ষেত্ৰত প্ৰথম অসমীয়া মহিলা

প্ৰশ্ন: অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?

উত্তৰ: নলিনীবালা দেৱী (১৯৫৪ চনৰ যোৰহাট অধিবেশনত)।

প্ৰশ্ন: প্ৰথম অসমীয়া মহিলা স্নাতক (Graduate) কোন আছিল?

উত্তৰ: সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা।

প্ৰশ্ন: জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি?

উত্তৰ: মামণি ৰয়চম গোস্বামী (২০০০ চনত)।

প্ৰশ্ন: প্ৰথম অসমীয়া মহিলা গ্ৰন্থকাৰ কোন আছিল?

উত্তৰ: পদ্মাৱতী দেৱী ফুকননী।

প্ৰশ্ন: সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন?

উত্তৰ: নলিনীবালা দেৱী (১৯৬৮ চনত, ‘অলকানন্দা’ কাব্যগ্ৰন্থৰ বাবে)।

প্ৰশ্ন: ফ্ৰান্স আৰু লণ্ডনত পি.এইচ.ডি. লাভ কৰা প্ৰথম অসমীয়া মহিলা দুগৰাকী কোন?

উত্তৰ: ফ্ৰান্সত ডঃ কমলা ৰায় আৰু লণ্ডনত ডঃ তিলোত্তমা গগৈ।

প্ৰশাসন আৰু ৰাজনীতিত প্ৰথম অসমীয়া মহিলা

প্ৰশ্ন: অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ: চৈয়দা আনোৱাৰা টাইমূৰ (১৯৮০ চন)।

প্ৰশ্ন: প্ৰথম অসমীয়া মহিলা আই.এ.এছ. (IAS) বিষয়া কোন?

উত্তৰ: পাৰুল দাস (১৯৭৪ চন)।

প্ৰশ্ন: কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল?

উত্তৰ: ৰেণুকা দেৱী বৰকটকী।

প্ৰশ্ন: প্ৰথম অসমীয়া মহিলা এ.ছি.এছ. (ACS) বিষয়া কোন আছিল?

উত্তৰ: শুচিব্ৰতা ৰায় চৌধুৰী।

বীৰত্ব আৰু দেশপ্ৰেমত প্ৰথম অসমীয়া মহিলা

প্ৰশ্ন: ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল?

উত্তৰ: কনকলতা বৰুৱা (১৯৪২ চনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যু বৰণ কৰিছিল)।

প্ৰশ্ন: যুদ্ধক্ষেত্ৰলৈ যোৱা অসমৰ প্ৰথমগৰাকী বীৰাংগনা কোন আছিল?

উত্তৰ: মূলা গাভৰু।

প্ৰশ্ন: ১৯২১ চনত স্বাধীনতাৰ বাবে কাৰাবাস খাটা প্ৰথম অসমীয়া মহিলা কোন আছিল?

উত্তৰ: গুণেশ্বৰী দেৱী আৰু মুক্তেশ্বৰী দেৱী।

সংস্কৃতি আৰু ক্ৰীড়াত প্ৰথম অসমীয়া মহিলা

প্ৰশ্ন: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন?

উত্তৰ: মলয়া গোস্বামী (‘ফিৰিঙতি’ ছবিৰ বাবে)।

প্ৰশ্ন: ক্ৰীড়া ক্ষেত্ৰত ‘অৰ্জ্জুন বঁটা’ লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল?

উত্তৰ: মনালিছা বৰুৱা মেহতা (১৯৮৩ চন)।

প্ৰশ্ন: শাস্ত্ৰীয় নৃত্যৰ জৰিয়তে ‘ভাৰত সেৱা বঁটা’ লাভ কৰা প্ৰথম মহিলাগৰাকী কোন?

উত্তৰ: পুষ্পা ভূঞাঁ।

চিকিৎসা আৰু অন্যান্য সন্মানত প্ৰথম অসমীয়া মহিলা

প্ৰশ্ন: প্ৰথম অসমীয়া মহিলা ‘পদ্মশ্ৰী’ কোন আছিল?

উত্তৰ: নলিনীবালা দেৱী।

প্ৰশ্ন: যমুনালাল বাজাজ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল?

উত্তৰ: অমল প্ৰভা দাস (১৯৮০ চন)।

প্ৰশ্ন: বিদেশত (বিলাতত) চিকিৎসা শিক্ষা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন?

উত্তৰ: ডাঃ নিৰ্মলপ্ৰভা চলিহা।